Bhupen Teli
আৰম্ভণি মানুহ সামাজিক প্ৰাণী।সমাজত বসবাস কৰা প্ৰতিজন মানুহে ইজনে সিজনৰ লগত মনৰ ভাৱ অনুভূতিৰ, যথা-হাঁহি আৰু কান্দোন, সুখ আৰু দুখ, আশা আৰু আকাংক্ষা,খং আৰু বিৰক্তি,কল্পনা আৰু উপলব্ধি, প্ৰয়োজন আৰু অপ্ৰয়োজন আদি নানা বিষয়ৰ নিৰন্তৰ বিনিময় কৰে।এই বিনিময় মুখ্যত মানুহৰ মুখ অৱয়ত থকা বিভিন্ন অংগৰ সঞ্চালনৰ জৰিয়তে উৎপন্ন কিছুমান ধ্বনিৰ প্ৰণালীৱদ্ধ সংযোগৰ জৰিয়তে সাধিত হয়।মানুহে মুখৰে উচ্চাৰণ কৰিব পৰা ধ্বনিৰ এনে প্ৰণালীৱদ্ধ সংযোগৰ সহায়ত মানুহে পৰস্পৰে ভাব বিনিময় কৰা পদ্বতিৰ নাম 'ভাষা'আৰু চিন্তন বুলিলে সাধাৰণতে ব্যক্তিয়ে ইন্দ্ৰিয়ৰ বিষয় সম্বন্ধ যি ভাৱনা কৰে।সমাধানৰ কাৰণে প্ৰয়োগ কৰা মানসিক শক্তিকে বুজায়। চিন্তাৰ অৰ্থ:-চিন্তাই সকলো প্ৰকাৰৰ সম্ভেদ,প্ৰত্যাক্ষণ,ধাৰণা,স্মৃতি আদিক সামৰি লয়।জেমচ ৰচ আৰু অন্যান্য মনোবৈজ্ঞানিকসকলে মতে চিন্তা মনৰ সংজ্ঞানাত্মক ক্ৰিয়া অভিজ্ঞতাৰ এক সু- সংগঠিত আৰু উদ্দেশ্য প্ৰণোদিত অৱস্থাই হৈছে চিন্তা। চিন্তাৰ বৈশিষ্ট্যসমূহ হ'ল- ১)চিন্তা এবিধ বিস্তত পৰিসৰৰ মানসিক কাৰ্য্য। ২)চিন্তা প্ৰক্ৰিয়াভাৱৰ মাধ্যমত সম্পন্ন হয়। ৩)চিন্তা মনৰ সংজ্ঞানাত্মক ক্ৰিয়া-অভিজ্ঞতাৰ এক সু-সংগঠিত আৰু উদ্দেশ্য প্ৰণোদিত অৱস্থা। ৪)চিন্তাৰ যোগেদি যুক্তি,তৰ্ক,বিচাৰ বিবেচনা আদি প্ৰয়োগ কৰি বাস্তৱ সমস্যা সমাধান কৰিব পাৰি। ৫)চিন্তাৰ বাবে জ্ঞানৰ গভীৰতাৰ প্ৰয়োজন। ৬)উচ্চ পৰ্যায়ত চিন্তা প্ৰতীকধৰ্মী হৈ উঠে বাবেই ভাষাই চিন্তাৰ বাহন হিচাপে কাম কৰে। ভাষাৰ অৰ্থ:-যোগাযোগৰ সুষম মাধ্যম হ'ল ভাষা।ভাষা হ'ল ব্যক্তিৰ ভাৱৰ বাহন। ভাষাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ মনৰ ভাৱ,অনুভূতি প্ৰকাশ কৰে। একো একোটা শব্দৰ লগত ভাৱ বা বস্তক আশ্ৰয় কৰি উচ্চৰণ বা লিখিত প্ৰতীকহিচাপে ব্যৱহাৰ কৰা হয়।ষ্টুৰ্টেভাণ্টৰ মতে,"ভাষা হ'ল যাদৃচ্ছিক বাক-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম কাজে চলায়। ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল- ১)ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। ২)ভাষা প্ৰণালীবদ্ব। ৩)ভাষা যাদিচ্ছিক। ৪)ভাষা পৰম্পৰাগত। ৫)ভাষা সমাজকেন্দ্ৰিক। ৬)ভাষা প্ৰতীকধৰ্মী। শিক্ষাত চিন্তা আৰু ভাষাৰ ভূমিকা :- চিন্তা হৈছে বিমূৰ্ত,ভাৱনাত্মক,আদৰ্শমূলক আৰু উদ্ভাৱণমূলক মানসিক ক্ৰিয়া। শিকনৰ সহায়ত মানুহে নিজস্ব চিন্তাধাৰাকে প্ৰণালীবদ্বভাবে প্ৰকাশ কৰে।শিকন হ'ল মানুহৰ চিন্তাৰ এক সুফল। এই দিশত বা এই ক্ষেত্ৰত মানুহৰ আচৰণৰ বিকাশৰ লগত জড়িত বৌদ্ধিক উপাদান আৰু মানসিক প্ৰক্ৰিয়াৰ এক নিকট সম্পৰ্ক আছে।শিক্ষাৰ সকলো উদ্দেশ্যই মানৱৰ আচৰণৰ তিনিটা বিশেষ ক্ষেত্ৰৰ লগত সংলগ্ন।বোধ চিন্তন ক্ষেত্ৰৰ লগত জড়িত শিক্ষাৰ উদ্দেশ্যসমূহ হ'ল জ্ঞান,ধাৰণা, প্ৰয়োগ,বিশ্লেষণ, মূল্যায়ন।উপযুক্তভাৱে চিন্তনৰ দক্ষতা বিকাশৰ বাবে বিশেষকৈ মৌলিক উদ্দেশ্যসমূহ সমাধানৰ বাবে ভাষাৰ মৌখিক আৰু অনামৌখিক দিশৰ সহায়ৰ প্ৰয়োজনীয়তা আছে।ভাষাৰ ব্যৱহাৰৰ অবিহনে শিক্ষণ আৰু শিকণৰ উদ্দেশ্য বা উৎকৰ্ষ সাধন কৰিব পৰা নাযায়।সেয়েহে চিন্তন প্ৰক্ৰিয়াত ভাষাই এক মুখ্য ভূমিকা পালন কৰে। সামৰণি:- ভাষা আৰু চিন্তনৰ মাজত থকা এক বিশেষ আদান-প্ৰদানৰ বিষয়ে কাৰো দ্বিমত নাই।কিন্ত এক বিশেষ ভাষাই এজন ব্যক্তিৰ চিন্তনত এক বিশেষ কাৰ্য্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ ক্ষেত্ৰত মতৰ বিভিন্নতা দেখা যায়। এটা দিশৰে চালে দেখা যায় যে কোনো এজনৰ তেওঁৰ চিন্তাৰ ধাৰাটোত বিভিন্ন ভাষাৰ প্ৰভাৱ পৰিলক্ষিত কিন্ত বিভিন্ন ক্ষেত্ৰত একে হোৱাটোহে সাধাৰণতে আশা কৰা হয়।
Back to Blogs